Menu

জখৰিয়া 6

IRV

1 তেতিয়া পুনৰায় মই মোৰ চকু তুলি চাই দেখিলোঁ, দুই পৰ্ব্বতৰ মাজৰ পৰা চাৰিখন ৰথ ওলাই আহিল। সেই পৰ্ব্বত পিতলৰ পৰ্ব্বত। 2 প্ৰথম ৰথত ৰঙা ঘোঁৰা, দ্বিতীয়খনত ক’লা ঘোঁৰা, 3 তৃতীয়খনত বগা ঘোঁৰা আৰু চতুৰ্থ খনত বলী ফুটুকা ঘোঁৰা। 4 তেতিয়া মোৰে সৈতে কথা হোৱা দূতজনক মই প্রশ্ন কৰি ক’লো, “হে মোৰ প্ৰভু, এইবোৰ কি?" 5 দূত-জনে উত্তৰ দি মোক ক’লে, “এইবোৰ হ’ল গোটেই পৃথিৱীৰ প্ৰভুৰ আগত থিয় হৈ থকাৰ পৰা ওলাই অহা আকাশৰ চাৰি বায়ু । 6 ক’লা ঘোঁৰাৰ ৰথখন উত্তৰ দেশৰ ফাললৈ ওলাই গৈছে, বগাবোৰ পশ্চিম দেশৰ ফালে আৰু অনুজ্বল দাগ থকাবোৰ দক্ষিণ দেশলৈ গৈছে।" 7 আৰু বলীবোৰে ওলাই গৈ, পৃথিৱীত ইফালে সিফালে ফুৰিবৰ বাবে অনুমতি খুজিলে, তেতিয়া দূতে ক’লে, “যোৱা পৃথিৱীত ইফালে সিফালে ফুৰাগৈ!” তেতিয়া সেইবোৰে পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ ধৰিলে। 8 তেতিয়া তেওঁ মোক আহ্বান কৰিলে আৰু মোক মাতি ক’লে, “চোৱা, উত্তৰ দেশৰ ফালে ওলাই যোৱাবোৰে উত্তৰ দেশত মোৰ ক্ৰোধ মাৰ নিয়ালে।" 9 সেয়ে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 10 “বোলে তুমি গৈ হিল্দয়, টোবিয়া, যিদয়া - এই দেশান্তৰিত লোকসকলৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ; আৰু আজিয়েই তুমি নিজে এইবোৰ লৈ যিজন বাবিলৰ পৰা আহিল, সেই চফনিয়াৰ পুত্র যোচিয়াৰ ঘৰলৈ যোৱা। 11 তাতে সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ, তাৰে দুটা কিৰীটি সাজি যিহোচাদকৰ পুত্ৰ যিহোচূৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ। 12 আৰু তুমি তেওঁক ক’বা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “চোৱা, সেই পুৰুষ জনৰ নাম পোখা! তেওঁ যি ঠাইত আছে, সেই ঠাইতেই বাঢ়িব; আৰু তেওঁ তেতিয়া যিহোৱাৰ মন্দিৰ সাজিব! 13 হয়, তেৱেঁই যিহোৱাৰ মন্দিৰ সাজিব আৰু তেওঁ গৌৰৱ মুকুটেৰে বিভূষিত কৰিব; তেওঁ নিজ সিংহাসনত বহি ৰাজত্ব কৰিব। আৰু পুৰোহিত হৈ নিজ সিংহাসনত বহিব আৰু দুয়োটাৰে মাজত শান্তিৰ মন্ত্ৰণা থাকিব। 14 আৰু সেই দুটা কিৰীটি হেলেম, টোবিয়া, যিদয়া, আৰু চফনিয়াৰ পুত্ৰ যোচিয়া ৰ উদাৰতাৰ সোঁৱৰণৰ অৰ্থে, যিহোৱাৰ মন্দিৰত ৰখা হ’ব। 15 আৰু দূৰৈত থকা লোকসকল যেতিয়া আহি যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণৰ সাহায্য কৰিব, তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমালোকৰ ওচৰলৈ পঠিয়ালে, ইয়াক তোমালোকে জানিবা; আৰু তোমালোকে যদি যত্নেৰে ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা, তেতিয়া এয়ে সিদ্ধ হ’ব’।"

Everything we make is available for free because of a generous community of supporters.

Donate