Menu

পৰমগীত 4

IRV

1 প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! তুমি সুন্দৰী। ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা। 2 এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই। 3 তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা; কি যে মৰমলগা তোমাৰ মুখ। ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা। 4 তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, য’ত ওলমি আছে এহেজাৰ ঢাল; সেই সকলোবোৰেই সৈন্যসকলৰ। 5 তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা। 6 ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে, হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম। 7 মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো খুঁত নাই। 8 হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ। লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা, সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা তুমি নামি আহাঁ । 9 মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা। 10 হে মোৰ প্রিয়া, মোৰ কইনাজনী, তোমাৰ ভালপোৱা কিমান যে মনমোহা! দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম। 11 হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে; তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে; তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা। 12 মোৰ প্রিয়া, মোৰ কইনাজনী বন্ধ কৰি থোৱা এক উদ্যান; এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি। 13 এক ডালিম গছেৰে ভৰা উদ্যান; ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা; তাত জেতুকা আৰু সুগন্ধি লতা আছে। 14 জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি, আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে। 15 তুমি যেন উদ্যানৰ জুৰি, যেন নির্মল পানীৰ এটি কুৱাঁ, যেন লিবানোনৰ পৰা বৈ নামি অহা জলস্রোত। প্রিয়াৰ কথা: 16 হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।

Everything we make is available for free because of a generous community of supporters.

Donate