Menu

প্ৰকাশিত বাক্য 22

IRV

1 পাছত সেই দূত জনে মোক জীৱন-জলৰ সেই নদী দেখুৱালে, সেই পানী স্ফটিকৰ নিচিনা উজ্জ্বল৷ ঈশ্বৰ আৰু মেৰ-পোৱালিৰ সেই সিংহাসনৰ পৰা সেই নদী, 2 তাৰ আলিবাটৰ মাজেৰে বৈ গৈছিল। সেই নদীৰ ইপাৰে-সিপাৰে জীৱন-বৃক্ষ আছিল; সেই বৃক্ষই বাৰ বিধ ফল উৎপন্ন কৰিছিল আৰু প্ৰতি মাহে তাত ফল ধৰে৷ সেই বৃক্ষৰ পাত জাতি সকলক সুস্থ কৰাৰ কাৰণে। 3 তাতে কোনো শাও নহ’ব। সেই নগৰত ঈশ্বৰ আৰু সেই মেৰ-পোৱালিৰ সিংহাসন থাকিব আৰু তেওঁৰ দাস সকলে তেওঁক সেৱা কৰিব৷ 4 তেওঁলোকে তেওঁৰ মুখ দেখা পাব; আৰু তেওঁলোকৰ কপালত তেওঁৰ নাম লিখা থাকিব। 5 তাতে ৰাতিও নহ’ব; আৰু চাকিৰ পোহৰ বা সূৰ্যৰ পোহৰ তেওঁলোকৰ প্ৰয়োজন নহব; কিয়নো প্ৰভু পৰমেশ্বৰে তেওঁলোকক দীপ্তি দিব আৰু তেওঁলোকে চিৰকাল ৰাজত্ব কৰিব। 6 পাছত দূত জনে মোক ক’লে, “এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য; ঈশ্ৱৰ, যি জন ভাববাদী সকলৰ আত্মাৰ প্ৰভু, তেওঁ তেওঁৰ দাস সকলক যি যি অলপতে ঘটিব লগা আছে সেই বিষয়ে দেখুৱাবলৈ নিজ দূতক পঠিয়ালে৷” 7 “আৰু চোৱা! মই বেগাই আহি আছোঁ; যি জনে এই পুস্তকৰ ভাববাণীৰ কথাবোৰ পালন কৰে, তেওঁ ধন্য।" 8 মই, যোহনেই এইবোৰ কথা শুনিলোঁ আৰু এই সকলো দেখিলোঁ; যেতিয়া মই এনে শুনি-দেখি সেই দূত জনক যি জনে এই সকলোকে মোক দেখুৱালে তেওঁক প্ৰণিপাত কৰিবলৈ তেওঁৰ চৰণত পৰিলো। 9 তেতিয়া তেওঁ মোক ক’লে, “সাৱধান, এনে নকৰিবা! মইয়ো তোমাৰ সহদাস আৰু তোমাৰ ভাই ভাববাদী সকলৰ আৰু এই পুস্তকত লিখা বাক্য পালন কৰোঁতা সকলৰো সহদাস; ঈশ্বৰকহে প্ৰণিপাত কৰা।" 10 পুনৰায় তেওঁ মোক কলে, “এই পুস্তকৰ ভাববাণী কৰা বাক্যবোৰ ছাব মাৰি বন্ধ নকৰিবা, কিয়নো কাল ওচৰ চাপিছে। 11 যি জন অন্যায়কাৰী, তেওঁক পুনৰ অন্যায় কৰি থাকিবলৈ দিয়া; যি জন কলঙ্কী, তেওঁ পুনৰ কলঙ্ক কৰি থাকক; যি জন ধাৰ্মিক, তেওঁ পুনৰ ধৰ্ম আচৰণ কৰক; যি জন পবিত্ৰ লোক, তেওঁ পবিত্ৰ হৈ থাকক।" 12 “চোৱা! মই বেগাই আহি আছোঁ; মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে, যাৰ যেনে কৰ্ম, তেওঁক তেনে প্ৰতিফল দিয়া হব৷ 13 মই আলফা আৰু ওমেগা, প্ৰথম আৰু শেষ, আদি আৰু অন্ত। 14 যি সকল জীৱন-বৃক্ষৰ অধিকাৰী আৰু দুৱাৰেদি নগৰত সোমাবৰ কাৰণে নিজ নিজ বস্ত্ৰ ধোৱে, সেই লোক সকল ধন্য৷ 15 কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে। 16 মই যীচুৱে, মণ্ডলী সমূহৰ কাৰণে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ, মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা।" 17 আত্মা আৰু কন্যাই কয় “আহা!” আৰু যি জনাই শুনে, তেৱোঁ কয়, “আহা৷” যি জনৰ পিয়াহ লাগে, তেওঁ আহক আৰু যি জনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক। 18 এই পুস্তকৰ ভাববাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই সাক্ষ্য দি কৈছোঁ: কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনৰ ওপৰত যোগ কৰিব; 19 আৰু কোনোৱে যদি এই ভাববাণীৰ পুস্তকৰ বাক্যবোৰৰ পৰা কিবা গুচায়, তেনেহলে এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ গুচাব। 20 যি জনে এই কথাৰ সাক্ষ্য দিছে, তেৱেঁ কৈছে, “হয়! মই বেগাই আহি আছোঁ।” আমেন! হে প্ৰভু যীচু, আহক! 21 প্ৰভু যীচুৰ অনুগ্ৰহ সকলোৰে লগত থাকক; আমেন।

Everything we make is available for free because of a generous community of supporters.

Donate