Menu

গীতমালা 53

IRV

1 নির্বোধে নিজৰ মনতে ক’লে, “ঈশ্বৰ বুলি কোনো নাই।” তেওঁলোকৰ স্বভাৱ দুর্নীতিগ্রস্ত; তেওঁলোকে জঘন্য কার্য কৰে; তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। 2 ঈশ্বৰে স্বর্গৰপৰা মানৱজাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে, জ্ঞানী লোক আছে নে নাই; ঈশ্বৰক বিচাৰোতা কোনো আছে নে নাই। 3 তেওঁলোক সকলোৱেই আঁতৰি গ’ল, সকলোৱেই একেলগে অপবিত্র হ’ল; সৎকৰ্ম কৰোঁতা কোনো নাই, এজনো নাই। 4 “যিসকলে অপৰাধ কার্যত লিপ্ত হয়, তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাত কৰে । তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। 5 আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে । সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে । 6 ইস্রায়েলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহঁক! যিহোৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া যাকোবৰ বংশই উল্লাস কৰিব আৰু ইস্ৰায়েল আনন্দিত হ’ব।

Everything we make is available for free because of a generous community of supporters.

Donate