Menu

গীতমালা 48

IRV

1 আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য, 2 উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; গোটেই পৃথিবীকে আনন্দ দিয়ে। 3 ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে। 4 ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল। 5 তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; তেওঁলোক বিহ্বল হৈ পলাই গ’ল। 6 সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল। 7 যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে। 8 বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা) 9 হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ। 10 হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ। 11 তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, যিহূদাৰ নগৰবোৰ উল্লাস কৰা। 12 তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা। 13 তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা। 14 এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব।

Everything we make is available for free because of a generous community of supporters.

Donate