Menu

ইয়োব 35

IRV

1 পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে, 2 “মোৰ কি উপকাৰ? বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ? 3 এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে? 4 মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ, 5 তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা। 6 তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা? 7 তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব? 8 তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে। 9 অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে। 10 যি জনাই ৰাতি গীত গোৱাই, 11 যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়। 12 তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে। 13 বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও। 14 তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা। 15 কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে; 16 এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।

Everything we make is available for free because of a generous community of supporters.

Donate