Menu

ইয়োব 27

IRV

1 পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে, 2 যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ, 3 কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে, আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে; 4 মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়, আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে। 5 মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম, এনে কথা মোৰ পৰা দূৰ হওক। মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। 6 মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম; মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে। 7 মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক, আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক। 8 কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব, তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব? 9 তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে? 10 সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়? বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে? 11 ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে, সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ, আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ। 12 চোৱা, তোমালোক সকলোৱেই দেখিলা; তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা? 13 দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়, আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই, 14 তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে, আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়। 15 তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব, আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব। 16 যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়, আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে, 17 তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব, আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব। 18 সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে। 19 সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়। 20 নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে। ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে। 21 পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে, আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে। 22 কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব, সি তেওঁৰ ভয়ত পলাই ফুৰিব। 23 লোকে তাক দেখি হাত-তালি দিব, আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।

Everything we make is available for free because of a generous community of supporters.

Donate