Menu

ইয়োব 22

IRV

1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে, 2 মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়। 3 তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব? 4 তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব? 5 তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম নহয় নে? 6 কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা। 7 তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা। 8 কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল; আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল। 9 তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল। 10 এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে। 11 তুমি আন্ধাৰ দেখা নাই নে? তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা? 12 ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে? 13 তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? 14 ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশ-মণ্ডল ফুৰি থাকে।" 15 তুমি পুৰণি পথকে ধৰি থাকিবা নে, যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে - 16 সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল। 17 সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?" 18 তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে। 19 তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই, 20 আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।" 21 এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; তাকে কৰিলে তোমাৰ মঙ্গল হব। 22 তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। 23 যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা। 24 তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা; 25 তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব। 26 কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা। 27 তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব। 28 তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, সেয়ে তোমালৈ সিদ্ধ হ’ব; আৰু তোমাৰ পথত পোহৰ পৰিব। 29 বিপদৰ কালত তুমি কবা, উন্নতি হব; আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব। 30 তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।"

Everything we make is available for free because of a generous community of supporters.

Donate