Menu

যিচয়া 56

IRV

1 যিহোৱাই এই কথা কৈছে, “তোমালোকে যি ন্যায়সঙ্গত তাক পালন কৰা, যি সত্যপৰায়ণ তাক কৰা; কাৰণ মোৰ পৰিত্ৰাণ অতি ওচৰ, আৰু মোৰ ধর্মপৰায়ণতা মুহর্ততে প্ৰকাশ পাব। 2 যি মানুহে এই কৰ্ম কৰে, আৰু যি সকলে তাক দৃঢ় ভাবে ধৰি ৰাখে তেওঁলোক আশীর্বাদপ্রাপ্ত হ’ব। তেওঁলোকে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম বাৰ পালন কৰে, আৰু নিজৰ হাত যিকোনো কুকৰ্ম নকৰাকৈ ধৰি ৰাখে।" 3 “যিহোৱাই নিশ্চয়কৈ মোক নিজৰ লোকসকলৰ পৰা পৃথক কৰি থ’ব,” এই বুলি যিসকল বিদেশী যিহোৱাৰ অনুগামী তেওঁলোকে নকওক। “চোৱা, মই শুকান গছ,” এই বুলি নপুংসকে ক’ব নালাগে। 4 কাৰণ যিহোৱাই এই কথা কৈছে, যি সকল নপুংসক মোৰ বিশ্ৰাম বাৰ পালন কৰে, আৰু মই সন্তুষ্ট হোৱা বিষয় বাচি ল’য়, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- 5 তেওঁলোকৰ বাবে মই মোৰ গৃহত আৰু মোৰ দেৱালৰ ভিতৰত ল’ৰা আৰু ছোৱালী সকলতকৈ উত্তম কীর্তিস্তম্ভ স্হাপন কৰিম; কেতিয়াও লুপ্ত নোহোৱা চিৰস্থায়ী কীর্তিস্তম্ভ তেওঁলোকক দিম।" 6 যি বিদেশীসকলে নিজকে যিহোৱাৰ সৈতে সংযুক্ত কৰে, তেওঁক পৰিচৰ্যা কৰিবলৈ, আৰু যি সকলে যিহোৱাৰ নাম প্ৰেম কৰিবলৈ, আৰু তেওঁৰ উপাসনা কৰিবলৈ, আৰু দাস হ’বলৈ যি পৰজাতিসকলে তেওঁৰ লগ লয়, যি প্রতিজনে অপবিত্ৰ নকৰাকৈ বিশ্ৰাম-বাৰ পালন কৰে, আৰু মোৰ নিয়মেৰে উপবাস ৰাখে- 7 সেই সকলোকে মই নিজৰ পবিত্ৰ পৰ্ব্বতলৈ আনিম, আৰু মোৰ প্ৰাৰ্থনা-গৃহত তেওঁলোকক আনন্দিত কৰিম; তেওঁলোকৰ হোম-বলি আৰু তেওঁলোকৰ বলিদান মোৰ যজ্ঞ-বেদিৰ ওপৰত গ্ৰহণ কৰা হ’ব, কাৰণ মোৰ গৃহক সকলো জাতিৰ প্ৰাৰ্থনা-গৃহ বুলি কোৱা হ’ব। 8 যি জনে ইস্ৰায়েলৰ সমাজচ্যুত সকলক গোটায়, সেই ঈশ্বৰ যিহোৱাই ঘোষনা কৰিছে: তেওঁলোকৰ উপৰিও মই এতিয়াও আন লোকসকলকো গোটাম। 9 পথাৰৰ সকলো বনৰীয়া জন্তুবোৰ, অৰন্যত থকা জন্তুবোৰ, আহা আৰু গ্রাস কৰ! 10 তাৰ সকলো প্ৰহৰী অন্ধ; তেওঁলোকে বুজি নাপায়; তেওঁলোক সকলো ভতুৱা কুকুৰ; ভুকিব নোৱাৰে: তেওঁলোকে সপোন দেখি থাকে, তলত বাগৰি থাকে, আৰু শুবলৈ ভাল পায়। 11 সেই কুকুৰবোৰৰ অধিক ভোক লাগে; সিহঁতৰ কেতিয়াও যথেষ্ট নহয়; তেওঁলোক নিৰ্ণয় ল’ব নোৱাৰা মেৰ-ছাগ ৰখীয়া, তেওঁলোক সকলোৱে নিজৰ বাটে ঘূৰি গ’ল, আৰু অন্যায় লাভৰ বাবে প্রতিজনেই লোভী। 12 তেওঁলোকে কয়, “আহা আমি দ্ৰাক্ষাৰস আৰু সুৰা পান কৰোঁহক; অহা কালি আজিৰ দৰে হ’ব, জুখিব নোৱাৰাকৈ এটা মহান দিন হ’ব।"

Everything we make is available for free because of a generous community of supporters.

Donate