Menu

হোচেয়া 6

IRV

1 “আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব। 2 দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; তৃতীয় দিনা তেওঁ আমাক তুলিব, যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ। 3 আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।" 4 হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা। 5 সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে। 6 কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে। 7 তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে। 8 গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, য’ত তেজময় পদচিহ্ন ভৰি আছে। 9 ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে। 10 ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল। 11 হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম।

Everything we make is available for free because of a generous community of supporters.

Donate