Menu

ইব্ৰীসকলৰ প্ৰতি পত্ৰ 4

IRV

1 এতেকে, আমি সতর্ক হ’ব লাগে যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা, সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায়। 2 ইস্ৰায়েলৰ লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভবার্তা ঘোষণা কৰা হৈছিল, তেনেকৈ আমাৰ আগতো কৰা হৈছে। কিন্তু, সেই শুভবাৰ্তাৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহ’ল; কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে। 3 আমি যি সকলে বিশ্বাস কৰিছোঁ, আমিয়ে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ সক্ষম; যি দৰে কোৱা হৈছে: “মই ক্রুদ্ধ হৈ শপত খালোঁ, এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।” যদিও জগতৰ আৰম্ভণীৰ পৰাই সৃষ্টি কার্য শেষ কৰি ঈশ্বৰে এই কথা কৈছিল। 4 কিয়নো এঠাইত সপ্তম দিনৰ বিষয়ে ঈশ্বৰে কৈছিল, “ঈশ্বৰে সপ্তম দিনা তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিলে।" 5 পুনৰায় তেওঁ কৈছে, “এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।" 6 এতেকে, কিছুমান লোকৰ প্রৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্রাম আছুতীয়াকৈ ৰখা আছে আৰু ঈশ্বৰৰ বিশ্রামৰ শুভবার্তা যি ইস্ৰায়েলী লোক সকলে প্রথমে শুনিছিল, তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্রামত প্রৱেশ কৰিব নোৱাৰিলে। 7 তেতিয়া ঈশ্বৰে পুণৰ এটা দিন স্থিৰ কৰিলে আৰু সেই দিনৰ বিষয়ে তেওঁ ক’লে, “আজি”। বহুত দিনৰ পাছত ৰজা দায়ুদৰ যোগেদি তেওঁ এই দিনৰ বিষয়ে পুনৰায় কৈছিল, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা।" 8 কিয়নো যিহোচুৱাই তেওঁলোকক ঈশ্বৰৰ বিশ্ৰামত লৈ যাব পৰা হ’লে, ঈশ্বৰে পাছত আন এটা দিনৰ “আজি” বোলা কথাটো নক’লেহেঁতেন। 9 এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ বিশ্ৰাম সংৰক্ষিত আছে। 10 কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম শেষ কৰি বিশ্রাম কৰিছিল, তেনেকৈ যি কোনোৱে ঈশ্বৰৰ বিশ্ৰামত প্রৱেশ কৰে, তেৱোঁ নিজৰ কৰ্মৰ পৰা বিশ্ৰাম পায়। 11 সেই কাৰণে আহক, আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক। আমি কোনেও যেন সেই অবাধ্য ইস্ৰায়েলী লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম। 12 কিয়নো ঈশ্বৰৰ বাক্য জীৱনময়, কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা। এই বাক্য প্ৰাণ আৰু আত্মা, গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা, মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা। 13 সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব। 14 স্বৰ্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহা-পুৰোহিত আছে। তেওঁ ঈশ্বৰৰ পুত্র যীচু খ্রীষ্ট। গতিকে আহক, আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক। 15 কিয়নো আমাৰ মহা-পুৰোহিত এনেকুৱা নহয় যে, তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে; কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল। 16 এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।

Everything we make is available for free because of a generous community of supporters.

Donate