Menu

দ্বিতীয় বিৱৰণ 34

IRV

1 পাছত মোচিয়ে মোৱাবৰ সমথলৰ পৰা যিৰীহোৰ বিপৰীতে থকা নবো পৰ্ব্বতলৈ পিচগাৰ চূড়ালৈ উঠি গ’ল। তাৰ পৰা যিহোৱাই তেওঁক গোটেই দেশ দেখুৱালে। তেওঁ তেওঁক গিলিয়দৰ পৰা দান পর্যন্ত গোটেই দেশ, 2 গোটেই নপ্তালী, ইফ্ৰয়িম আৰু মনচিৰ দেশ, আৰু পশ্চিম ফালে সমুদ্ৰলৈকে যিহূদাৰ সমস্ত দেশ দেখুৱালে। 3 তাৰ উপৰি তেওঁ তেওঁক নেগেভ আৰু খেজুৰৰ নগৰ যিৰীহোৰ উপত্যকাৰ সমথল ভূমি অৰ্থাৎ চোৱৰলৈকে দেখুৱালে। 4 তাৰ পাছত যিহোৱাই তেওঁক ক’লে, “এইখনেই সেই দেশ যাৰ বিষয়ে মই অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ওচৰত শপত খাই কৈছিলোঁ, ‘এই দেশ মই তোমাৰ বংশক দিম।’ দেশখন নিজৰ চকুৰে চাবলৈ মই তোমাক সুযোগ দিলোঁ, কিন্তু নদী পাৰ হৈ তুমি সেই ঠাইলৈ যাব নোৱাৰিবা।" 5 সেয়ে, যিহোৱাই কোৱা বাক্য অনুসাৰে যিহোৱাৰ দাস মোচিৰ সেই মোৱাব দেশত মৃত্যু হ’ল। 6 মোৱাব দেশত বৈৎ-পিয়োৰৰ সন্মুখত যি উপত্যকা আছিল, যিহোৱাই তেওঁক সেই ঠাইত মৈদাম দিলে; কিন্তু তেওঁৰ মৈদামৰ ঠাই ক’ত আছে, আজিলৈকে কোনেও নাজানে। 7 মৃত্যুৰ সময়ত মোচিৰ বয়স আছিল এশ বিশ বছৰ; তেতিয়াও তেওঁৰ চকু দুৰ্ব্বল হোৱা নাছিল, আৰু গাৰ শক্তিও কমি যোৱা নাছিল। 8 ইস্ৰায়েলৰ সন্তান সকলে মোৱাব সমথলত ত্ৰিশ দিন পর্যন্ত মোচিৰ কাৰণে ক্ৰন্দন কৰিলে; তাৰ পাছত মোচিৰ কাৰণে তেওঁলোকৰ শোক প্রকাশৰ দিন শেষ হ’ল। 9 নুনৰ পুত্ৰ যিহোচূৱাৰ ওপৰত মোচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল; সেয়ে, ইস্ৰায়েলৰ সন্তান সকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু যিহোৱাই মোচিৰ যোগেদি যি আজ্ঞা দিছিল, সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে। 10 আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল। 11 যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই। 12 গোটেই ইস্ৰায়েলীয়াসকলৰ চকুৰ সন্মুখত মোচিয়ে যি মহাশক্তি দেখুৱাইছিল বা যি সকলো ভয়ঙ্কৰ কার্য কৰিছিল, সেইদৰে আন কোনো ভাৱবাদীয়ে কৰা নাই।

Everything we make is available for free because of a generous community of supporters.

Donate