Menu

2 কৰিন্থীয়া 5

IRV

1 কিয়নো আমি জানো যে, যি তম্বুৰূপ পাৰ্থিৱ ঘৰত আমি আছোঁ, সেয়া যদি ভগ্ন হয়, তেনেহলে বিনাহাতে সজা ঈশ্বৰে থাকিবলৈ দিয়া এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে। 2 কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ। 3 বাস্তৱিকতে তাৰে ঢকা হ’লে, আমি উলঙ্গ হৈ নপৰিম। 4 আমি যে কেঁকাই আছোঁ, এই তম্বুত থাকি, ভাৰগ্ৰস্তহৈহে কেঁকাই আছোঁ; কাৰণ আমি বিবস্ত্ৰ হ’বলৈ ইচ্ছা নকৰোঁ; কিন্তু জীৱনৰ দ্বাৰাই যেন মৰ্ত্ত্যক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰেৰে ঢকা হ’বলৈহে ইচ্ছা কৰোঁ। 5 ইয়াৰ বাবে যি জনে আমাক প্ৰস্তুত কৰিলে, তেওঁ ঈশ্বৰ; আৰু তেৱেঁই আমাক বইনাস্বৰূপে পবিত্ৰ আত্মা দিলে। 6 এতেকে সদায় দৃঢ় বিশ্বাসী হোৱা কাৰণে জানিব যে, এই শৰীৰত নিবাস কৰালৈকে প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছোঁ; 7 (কিয়নো আমি দেখাৰ দ্বাৰাই চলা নাই, বিশ্বাসৰ দ্বাৰাইহে চলিছোঁ;) 8 এতেকে আমি সাহিয়াল হৈছোঁৱেই; শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাই ভাল দেখিছোঁ। 9 এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয়পাত্ৰ হবলৈহে আমি যত্ন কৰি আছোঁ। 10 কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ, আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আসনৰ আগত প্ৰকাশিত হ’ব লাগিব। 11 এই কাৰণে প্ৰভুৰ ভয় কি, ইয়াক জানিবলৈ পোৱাত আমি লোক সকলক প্ৰবৃত্তি কৰাইছোঁ; কিন্তু ঈশ্বৰৰ আগত আমি প্ৰকাশিত হৈ আছোঁ আৰু মই আশা কৰোঁ যে, আপোনালোকৰ বিবেকতো আমি প্ৰকাশিত হৈ আছোঁ৷ 12 আপোনালোকলৈ আমি আকৌ আমাৰ প্ৰশংসা আগবঢ়াইছোঁ, এনে নহয়, কিন্তু যি সকলে হৃদয়ৰ কথাত নহয়, মৌখিক কথাত গৌৰৱ কৰে, তেওঁলোকৰ আগত আপোনালোকে আমাৰ অৰ্থে গৌৰৱ কৰি উত্তৰ দিবলৈহে আপোনালোকক উপায় দিছোঁ। 13 কিয়নো আমি যদি হতবুদ্ধি হৈছোঁ, তেনেহলে ঈশ্বৰৰ কাৰণেহে হৈছোঁ। 14 কাৰণ খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে; কিয়নো আমি নিশ্চয় কৰিলোঁ যে, সকলোৰে কাৰণে এজন মৰিল, এতেকে সকলোৱে মৰিল৷ 15 আৰু খ্ৰীষ্টে সকলোৰে বাবে মৰিল, এই আশয়েৰে জীৱন পোৱা সকলে যেন নিজৰ কাৰণে জীয়াই নাথাকি, তেওঁলোকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা জনৰ বাবেহে যেন জীয়াই থাকে। 16 এই কাৰণে এতিয়াৰে পৰা কোনো এজনকে আমি মাংস অনুসাৰে নাজানিম; একেদৰে খ্ৰীষ্টক আগেয়ে মাংস অনুসাৰে জানিলেও, এতিয়াৰ পৰা নাজানিম। 17 এতেকে কোনো যদি খ্ৰীষ্টত আছে, তেনেহলে তেওঁ নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ’ল; চাওক, নতুন হ’ল। 18 কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়। 19 সেই মিলনৰ কথা এই, ঈশ্বৰে খ্ৰীষ্টত জগত খনক মিলন কৰিলে, তেওঁলোকৰ পাপময় বাধাবোৰ গণনা নকৰিলে; আৰু সেই মিলনৰ বার্তা আমাক গতাই দিলে। 20 এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি, আমাৰ দ্বাৰাই মিনতি কৰোঁৱাৰ দৰে আমি খ্ৰীষ্টৰ কাৰণে ৰাজদূতৰ কৰ্ম কৰিছোঁ৷ খ্ৰীষ্টৰ হৈ এই বিনয় কৰোঁ: “আপোনালোকে ঈশ্বৰৰ সৈতে মিলন হওক!" 21 তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।

Everything we make is available for free because of a generous community of supporters.

Donate