Menu

2 বংশাৱলি 16

IRV

1 আচা’ৰ ৰাজত্ব কালৰ ছয়ত্ৰিশ বছৰত ইস্ৰায়েলৰ ৰজা বাচাৰ বিৰোধ কৰি আক্রোশমূলক ভাবে যিহূদা আক্রমণ কৰিছিল, আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহূদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা-যোৱা কৰিব নোৱাৰে। 2 তেতিয়া আচা’ই যিহোৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দম্মেচকত থকা অৰামীয়া বিন-হদদ ৰজাৰ ওচৰলৈ পঠিয়ালে৷ তেওঁ ক’লে, 3 “মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওঁক; চাওক, মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছোঁ৷ আপুনি গৈ, ইস্ৰায়েলৰ বাচা ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে, আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক।" 4 তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনিলে, আৰু ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে৷ তেওঁলোকে ইয়োন, দান, আবেল-ময়িম আৰু নপ্তালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে। 5 বাচাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ’ল। 6 তেতিয়া ৰজা আচা’ই গোটেই যিহূদাক তেওঁৰ লগত লৈ গ’ল৷ আৰু বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল৷ পাছত গেবা আৰু মিস্পা চহৰ নিৰ্মাণ কৰিবলৈ আচা’ই সেইবোৰ ব্যৱহাৰ কৰিলে। 7 সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল। 8 কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল। 9 কিয়নো যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে, যিহোৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে। কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা৷ কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ’ব।" 10 তেতিয়া আচাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত হ’ল, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁৰ খং উঠিছিল। সেই সময়ত আচাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে। 11 চোৱা, ৰজা আচা’ই যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহূদা আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে। 12 আচা’ৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত তেওঁৰ ভৰিত বেমাৰ হ’ল; তেওঁৰ বেমাৰ অতিশয় টান হ’ল৷ তথাপি তেওঁ বেমাৰৰ কালতো যিহোৱাক নিবিচাৰি, বেজসকলকহে বিচাৰিছিল। 13 পাছত আচা তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল; তেওঁৰ ৰাজত্বৰ একচল্লিশ বছৰত তেওঁ মৰিল। 14 পাছত তেওঁ দায়ূদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল, তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে৷ গন্ধ-বণিকসকলৰ কাৰ্যেৰে যুগুত কৰা নানাবিধৰ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক শুৱাই থৈছিল৷ আৰু তেওঁৰ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।

Everything we make is available for free because of a generous community of supporters.

Donate