Menu

1 বংশাৱলি 8

IRV

1 বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ, 2 নোহা, আৰু ৰাফা। 3 বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ, 4 অবীচূৱা, নামন, অহোহ, 5 গেৰা, চফুফন, আৰু হূৰম। 6 এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক: 7 নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ। 8 চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল। 9 তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল। 10 যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল। 11 ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল। 12 ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল, 13 তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল। 14 এওঁলোক বৰীয়াৰ পুত্র: অহিয়ো, চাচক, যিৰেমোৎ, 15 জবদিয়া অৰদ, এদৰ, 16 মীখায়েল, যিস্পা, আৰু যোহা, 17 এওঁলোক ইল্পালৰ পুত্র: জবদিয়া, মচুল্লম, হিস্কী, হেবৰ, যিচমৰয়, যিজলিয়া, আৰু যোবব, 19 এওঁলোক চিমিয়ীৰ পুত্র: যাকীম, জিখ্ৰী, জব্দী, ইলীঐনয়, চিল্লথয়, ইলীয়েল, অদায়া, বৰায়া, আৰু চিম্ৰৎ। 22 এওঁলোক চাচকৰ পুত্র: যিস্পন, এৰব, ইলীয়েল, অব্দোল, জিখ্ৰী, হানন, হননিয়া, এলম, অন্তোথিয়া, যিফদিয়া আৰু পনূৱেল, 26 এওঁলোক যিৰোহমৰ পুত্র: চমচৰয়, চহৰিয়া, অথলিয়া, যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী, 28 এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল। 29 গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল। 30 তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব, 31 গদোৰ, অহিয়ো, আৰু জেখৰ। 32 আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল। 33 নেৰৰ পুত্র কীচ আছিল। কিচৰ পুত্র চৌল আছিল। চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল। 34 যোনাথনৰ পুত্র মৰীব-বাল। মৰীব-বালৰ পুত্র মীখা আছিল। 35 মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ। 36 আহজৰ পুত্র যিহোৱদ্দা। যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী। যিম্ৰীৰ পুত্র মোচা। 37 মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল। 38 আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান। 39 আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট। 40 উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।

Everything we make is available for free because of a generous community of supporters.

Donate